বিগত পঞ্চাশ বছৰত সময়ে সময়ে বিপন্ন হৈ পৰা বাক স্বাধীনতাক মুকলিভাৱে জনগণৰ উদ্দেশ্যে লৈ অহাৰ বাবে যিসকলে নেপথ্যত থাকি সেনাপতিৰ ভূমিকা লৈছিল তেওঁলোকক স্মৰণ কৰাৰ বাবে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মানৱ বিকাশ সমাজৰ উদ্যাগত 'বাক্ স্বাধীনতাৰ দিন' শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু জনগণৰ কণ্ঠ হিচাপে পৰিগণিত হোৱা এই বৰেণ্য ব্যক্তিসকলৰ স্মৃতিত প্ৰথম সভা 'দ্যা আছাম এক্সপ্ৰেছ'(The Assam Express) আৰু সাদিনীয়া নাগৰিকৰ প্ৰকাশক জীৱকান্ত গগৈৰ স্মৰণত অনুষ্ঠিত সভাত আলোচক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক গীতাৰ্থ পাঠক, মুকুল কলিতাৰ লগতে লেখক, সাংবাদিক আব্দুল আলিম। অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উদ্দেশ্যে ব্যাখ্যা কৰে আহ্বায়ক বিপুল শৰ্মাই। ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক গীতাৰ্থ পাঠকে জৰুৰীকালীন অৱস্থাত বাক্ স্বাধীনতা হননৰ লগতে অসম আন্দোলনৰ সময়ত আন্দোলনকাৰী দ্বাৰা বাক স্বাধীনতাৰ হননৰ চেষ্টা আৰু বৰ্তমান সময়ৰ বাক স্বাধীনতা হননৰ তুলানাত্মক আলোচনা আগবঢ়ায়। এনে সময়ত কোনো স্বাৰ্থ অথবা প্ৰচাৰৰ আশা নাৰাখি কেৱল বাক স্বাধীনতাক মান্যতা দিয়াৰ বাবে নিজৰ সম্পূৰ্ণ অৰ্থ ব্যয় কৰা প্ৰয়াত জীৱকান্ত গগৈক কৃতজ্ঞতাৰে সোঁৱৰে। জ্যেষ্ঠ সাংবাদিক মুকুল কলিতাই অসম আন্দোলনৰ সময়ত গণতান্ত্ৰিক কন্ঠৰোধ কৰাৰ বাবে ড০ হীৰেন গোহাঁই সম্পাদিত সাপ্তাহিক ‘কলাকাৰ’ আৰু ‘সাদিনীয়া নাগৰিক’ৰ ওপৰত হোৱা অত্যাচাৰৰ কথা বৰ্ণনা কৰে। আন্দোলনকাৰীৰ হাতত নিহত হোৱা বামপন্থী যুৱক মদন ডেকা আৰু মাধৱ বৰ্মনৰ স্মৃতিত দুটা কবিতা পাঠ কৰে। সাংবাদিক আব্দুল আলিমে সমগ্ৰ ভাৰতবৰ্ষতে স্বেচ্ছাচাৰী শাসকৰ দ্বাৰা আক্ৰান্ত হোৱা সংবাদ পত্ৰৰ কথা উল্লেখ কৰে। সঞ্চালক অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰে তেওঁ ভাষণত গণতন্ত্ৰৰ হকে মানৱতাৰ সপক্ষে যিকোনো নাগৰিকক যিকোনো মুহূৰ্তৰ বাবে সচেতন হৈ থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে জীৱকান্ত গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জোৎস্নাৰাণী বেগমে।
