৯ জুলাইৰ দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কৰ্মচাৰী সংগঠনসমূহ

dharmaghat

৯ জুলাইৰ দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কৰ্মচাৰী সংগঠনসমূহ

ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কৰ্মচাৰী সংগঠনসমূহে ৯ জুলাইৰ দেশজোৰা সাধাৰণ ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে। এই উপলক্ষে বুধবাৰে অসম প্রাদেশিক বেংক কর্মচাৰী সমিতি, গুৱাহাটী বিভাগীয় বীমা কর্মচাৰী সমিতি, বেংক এমপ্লয়িজ ফেডাৰেচন (উত্তৰ পূৰ্বাঞ্চল), উত্তৰ-পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতি আৰু সদৌ ভাৰত বেংক বিষয়া সমিতি (অসম ৰাজ্য কমিটী)ৰ নেতৃবৃন্দৰ উদ্যোগত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন যৌথ সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেল সম্বোধন কৰি অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সমিতি বেংক এমপ্লয়িজ ফেডাৰেচন (উত্তৰ-পূৰ্বাঞ্চল)ৰ সাধাৰণ সম্পাদক গৌৰৱ শৰ্মাই কয় যে কেন্দ্রীয় চৰকাৰৰ কৰ্প'ৰেটপন্থী আৰু জনবিৰোধী তথা বাজহুৱা খণ্ডবিৰোধী আর্থিক নীতিৰ বিৰুদ্ধে দেশৰ প্রায় আটাইকেইটা কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু বিভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰী ফেডাৰেচনসমূহে ৯ জুলাইত দেশজোৰা যি সাধাৰণ ধর্মঘটৰ আহ্বান জনাইছে তাৰ প্রতি ৰাজহুৱা খণ্ডৰ বেংক, বীমা তথা বিত্তীয় প্রতিষ্ঠানসমূহৰ কৰ্মচাৰী আৰু বিষয়াসকলেও সক্রিয় সমর্থন আগবঢ়াইছে। এই প্রতিষ্ঠানসমূহৰ কৰ্মচাৰী আৰু বিষয়াসকলৰ মুখ্য সৰ্বভাৰতীয় সংগঠনসমূহেও এই ধর্মঘটত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। বর্তমান কেন্দ্রীয় চৰকাৰে আক্ৰমণাত্মকভাৱে কার্যকৰী কৰা দেশী-বিদেশী কর্প'ৰেট গোষ্ঠীৰ স্বাৰ্থবাহী নব্য উদাৰবাদী আর্থিক নীতিৰ পৰিণতিত সামগ্রিকভাৱে দেশৰ ৰাজহুৱা খণ্ড আৰু বিশেষকৈ বেংক, বীমাকে ধৰি ৰাজহুৱা খণ্ডৰ বিত্তীয় প্রতিষ্ঠানসমূহ আৰু এইবোৰত কাম কৰা শ্রমিক-কৰ্মচাৰী তথা বিষয়াসকলৰ জীৱন-জীৱিকা বহুমুখী প্রত্যাহ্বানৰ সন্মুখীন হৈছে। চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেংক আৰু বীমা শিল্প বেচৰকাৰীকৰণৰ পথত আগবাঢ়িছে। কেন্দ্রীয় বিত্তমন্ত্রীয়ে ইতিমধ্যে দুটা ৰাষ্ট্ৰীয়কৃত বেংক আৰু এটি বাষ্ট্রীয়কৃত সাধাৰণ বীমা কোম্পানী চিধাচিধি বেচৰকাৰীকৰণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। কেন্দ্রীয় বিত্ত সচিবে ৰাজহুৱাভাৱেই কৈছে যে পর্যায়ক্রমে আটইকেইটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণ কৰা হ'ব। ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীবিলাকক বেচৰকাৰীকৰণ কৰাৰ আইন চৰকাৰে ইতিমধ্যে সংসদত পাছ কৰাইছে। আনহাতে, ৰাষ্ট্ৰীয়কৃত জীৱন বীমা নিগমৰ আৰু ৬.৫ শতাংশ শ্বেয়াৰ নিৰ্বিয়োজন কৰাৰ বাবে চৰকাৰে যো-জা চলাইছে। ২০২২ত জীৱন বীমা নিগমৰ ৩.৫ শতাংশ শ্বেয়াৰ প্ৰথমবাৰৰ বাবে নির্বিয়োজন কৰা হয়। বীমা শিল্পত প্রত্যক্ষ বিদেশী বিনিয়োগৰ ঊর্ধ্বসীমা ১০০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱিত পদক্ষেপ হৈছে সম্পূর্ণৰূপে জাতীয় স্বার্থবিৰোধী। বৃহৎ কৰ্প'ৰেটগোষ্ঠীৰ সৰ্বাধিক মুনাফাৰ স্বাৰ্থত দেশৰ ২৯টা শ্রম আইনক চাৰিটা শ্রম সংহিতালৈ পৰিণত কৰি চৰকাৰে শ্রমিক-কর্মচাৰীসকলৰ ওপৰত ক্রীতদাসত্বৰ চৰ্ত আৰোপ কৰাৰ ব্যৱস্থা কৰিছে। জীৱন বীমা নিগমত ১৯৯৫ৰ পৰা ২০২৪ৰ ভিতৰত চলি থকা বীমাপত্রৰ সংখ্যা বাঢ়িছে ৪১০ শতাংশ হাৰত। কিন্তু সৰ্বস্তৰৰ কৰ্মচাৰীৰ সংখ্যা হ্রাস পাইছে ১৮.৭৪ শতাংশ হাৰত। ৩য়/৪র্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সংখ্যা হ্রাস পাইছে ৪৯ শতাংশ হাৰত। এইবোৰ প্ৰতিষ্ঠানত নতুন নিয়োগ অত্যন্ত জৰুৰী হৈ উঠিছে। পেঞ্চন আঁচনিৰ অধীনলৈ লৈ অনা আৰু সামগ্রিকভাৱে চৰকাৰৰ কৰ্প'ৰেটপন্থী আৰু জনবিৰোধী আর্থিক নীতি পৰিৱৰ্তনৰ দাবীত ৯ জুলাইৰ দেশজোৰা সাধাৰণ ধৰ্মঘট সর্বাত্মকভাবে সফল কৰি তুলিবলৈ সৰ্বস্তৰৰ বেংক, বীমা আৰু অন্যান্য অংশৰ শ্ৰমজীৱী ৰাইজক বিনীত আবেদন জনাইছো। আনহাতে, শ্ৰম সংহিতাৰ বিৰোধীতা কৰি আমি ৮ জুলাইৰ সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ পানবজাৰৰ পি এন  বিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। সংবাদমেলত বি আই এফ আইৰ পৰেশ শৰ্মা, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতিৰ সাধাৰণ সম্পাদক পীতাম্বৰ ৰাজভাণ্ডাৰী, এন ই আৰ জি আই ই এ ৰ নৰেশ্বৰ দাস উপস্থিত থাকি ৯ জুলাইৰ আন্দোলন সফল কৰাৰ আহবান জনায়।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media