অসম জাতীয় পৰিষদৰ উদ্যোগত মাছখোৱাস্থিত প্ৰাগজ্যোতি ITA কেন্দ্ৰত অসমৰ ভূমি সমস্যা আৰু সমাধানৰ ওপৰত আলোচনা

ajp meet

অসম জাতীয় পৰিষদৰ উদ্যোগত মাছখোৱাস্থিত প্ৰাগজ্যোতি ITA কেন্দ্ৰত অসমৰ ভূমি সমস্যা আৰু সমাধানৰ ওপৰত আলোচনা

অসম জাতীয় পৰিষদৰ উদ্যোগত আজি মাছখোৱাস্থিত প্ৰাগজ্যোতি ITA কেন্দ্ৰত অসমৰ ভূমি সমস্যা আৰু সমাধানৰ ওপৰত আলোচনা কৰাৰ অন্তত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ৰাজ্য চৰকাৰে জনগণক অন্ধকাৰত ৰাখি, জনস্বাৰ্থৰ বিপৰীতে গৈ, বিভ্ৰান্তিকৰভাৱে আৰু খৰখেদাকৈ, ৰাজ্যৰ প্ৰচলিত ভূমি আইনসমূহ সংশোধন কৰিবলৈ যি প্ৰচেষ্টা আৰম্ভ কৰিছে, আজিৰ সভাই সৰ্বসন্মতিক্ৰমে উক্ত প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰে। সভাই উপলব্ধি কৰে যে কোনোবা বহিঃশক্তিয়ে অসমৰ ভূমি সম্পৰ্কীয় নীতি-নিয়ম নিৰ্ধাৰণ কৰি আছে। সেয়ে সভাই জনস্বাৰ্থৰ বিপৰীত কোনো সিদ্ধান্ত নল’বলৈ চৰকাৰক একমুখে সকীয়াই দিয়ে আৰু ভূমি শাসন আয়োগৰ ওচৰত পৰামৰ্শ বা মতামত দাখিলৰ সময়সীমা আজিৰ তাৰিখৰ পৰা ছমাহলৈ বৃদ্ধি কৰিবলৈ দাবী জনায়। ইয়াৰ লগতে সভাই হৰিশংকৰ ব্ৰহ্মৰ অধ্যক্ষতাত গঠিত ভূমি সংস্কাৰ সমিতি আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰিবলৈ সৰ্বসন্মতিক্ৰমে চৰকাৰক দাবী জনায়। বান-গৰাখহনীয়াত ভূমিহীন হোৱা ৰাজ্যৰ স্থায়ী বাসিন্দাসকলক নীতি অনুসৰি উপযুক্ত পৰিমাণৰ ভূমি আৱন্টন দি, তেওঁলোকক সংস্থাপিত কৰিবলৈ আজিৰ সভাই সৰ্বসন্মতিক্ৰমে দাবী জনায়। তদুপৰি, ৰাজ্য চৰকাৰে অভিলাষীভাৱে ৰূপায়ণ কৰি থকা বসুন্ধৰা আঁচনিখন তাৰ ঘোষিত উদ্দেশ্যে মৰ্মে আগবাঢ়িছে নে নাই, তাত আজিৰ সভাই সন্দেহ প্ৰকাশ কৰে। সভাই সৰ্বসন্মতিক্ৰমে মত প্ৰকাশ কৰে যে বসুন্ধৰা আঁচনিখন ৰাইজক সহায় কৰাৰ সলনি আওপকীয়াকৈ ভূমি কাঢ়ি নিয়া অভিসন্ধি হিচাপেহে ব্যৱহাৰ হোৱাৰ উদাহৰণ পোৱা গৈছে। সভাই এই বিষয়টো বিস্তৃতভাৱে আলোচনা কৰি বসুন্ধৰা আঁচনি ৰূপায়ণৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী উত্থাপন কৰে। সভাই ৰাজ্যৰ বিভিন্ন স্থান আৰু প্ৰকাৰৰ ভূমি সমস্যা আৰু সেইবোৰৰ সমাধানৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে। সভাই মত পোষণ কৰে যে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিও অসমৰ বিকাশৰ পথ সুগম কৰিব পৰা যায়। সেই দৃষ্টিভংগীৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অসমৰ অৰ্থনৈতিক বিকাশৰ দিশসমূহৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰি এখন সম্পূৰ্ণ আৰু জনমুখী আদৰ্শ ভূমি নীতি প্ৰস্তুতসকৰাৰ সপক্ষে মত পোষণ কৰে - যি ভূমি নীতিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে বিকাশৰ গতিশীলতা সমান্তৰালকৈ আগুৱাই যাব পৰাৰ পথো উদ্ভাৱন কৰিব। সেই উদ্দেশ্যে আজিৰ সভাই ভূমি নীতি এক আৰ্হি প্ৰস্তত কৰাৰ বাবে এখন ৰাজহুৱা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সমিতিয়ে প্ৰস্তুত কৰা ভূমি নীতিৰ আৰ্হি পৰৱৰ্তী সময়ত ৰাজহুৱাভাৱে উপস্থাপন কৰা হ'ব।
সমিতিখন চন্দ্ৰকান্ত দাসক অধ্যক্ষ, শান্তনু বৰঠাকুৰ, ব্ৰজেন ডেকা, মনোৰম গগৈ, বিক্ৰমসিং হান্সে, পংকজ ইছলাৰী, আদিত্য ৰাভা, কিশোৰ কলিতা, প্ৰবীণজ্যোতি কলিতা, শম্ভু তাঁতী, ডিম্বেশ্বৰ কলিতা, জগদীশ চন্দ্ৰ চৌধুৰী, গায়ত্ৰী বড়ি, সুব্ৰত তালুকদাৰ আৰু জিয়াউৰ ৰহমানক সদস্য সম্পাদক হিচাপে লৈ গঠন কৰা হয়৷ আজিৰ সভাই কুলসী নদীৰ ওপৰত নদীবান্ধ নিৰ্মাণৰ জৰিয়তে বিদ্যুত উৎপাদনৰ গোটেই বিষয়টো সন্দৰ্ভত আলোচনা কৰি, এই সন্দৰ্ভত চৰকাৰে আচলতে কি পৰিকল্পনা লৈছে, তাৰ কাৰিকৰী দিশৰ লগতে পৰিৱেশৰ ওপৰত বান্ধৰ প্ৰভাৱ সম্পৰ্কে সবিশেষ ৰাজহুৱাকৈ দাঙি দৰিবলৈ দাবী জনায়। বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থ অক্ষুন্ন থাকিব লাগিব বুলি মত প্ৰকাশ কৰি আজিৰ সভাই চৰকাৰে নদীবান্ধ নিৰ্মাণ প্ৰক্ৰিয়াত নিয়োগ কৰা বিশেষজ্ঞৰ সৈতে জনসাধাৰণৰ বিশদ আলোচনা অনুষ্ঠিত কৰিবলৈ দাবী জনায়। ২০০৬ চনৰ বন অধিকাৰ আইন অনুসৰি অনুসূচিত জনজাতি আৰু পৰম্পৰাগতভাৱে বসবাস কৰি অহা বনবাসী লোকসকলক ভূমি মাটিৰ অধিকাৰ দিবলৈ আজিৰ সভাই সৰ্বসন্মতিক্ৰমে দাবী জনায়।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media