গুৱাহাটী, ২২ জুনঃ কবি দিগন্ত কলিতাৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘শিলত গজি উঠা জোনাক’ আজি উন্মোচন কৰা হয়৷ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষীৰাম বৰুৱা সদনত আয়োজিত পঞ্চম বাৰ্ষিক অসম কবিতা মহোৎসৱৰ এক গম্ভীৰ্যপূৰ্ন অনুষ্ঠানত কাব্যগ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সুৰকাৰ তথা সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন বৰুৱাই৷ কাব্যগ্ৰন্থ খন উন্মোচন কৰি ৰবচন বৰুৱাই কয় - কবি দিগন্ত কলিতাৰ কবিতাৰ কিতাপখন সুন্দৰ হৈছে৷ তেওঁৰ কবিতা বহু কেইটা মই পঢ়িছো, ধুনীয়া হৈছে৷ পঢ়ুৱৈ সমাজে কাব্যগ্ৰন্থ খন আদৰি লব বুলি মই আশাবাদী৷ উন্মোচনৰ পিছতে কবি দিগন্ত কলিতাই কবিতা পুথিখনৰ আৰৰ বিষয়ে উল্লেখ কৰে৷ কেনেকৈ এটা এটা কবিতা লিখি গটোৱা আৰু পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশ কৰাৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰে। আজিৰ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সুমিত্ৰা গোস্বামী, চলচ্চিত্ৰ পৰিচালক মুন্না আহমেদ, সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন সহকাৰী সম্পাদক পিন্স ফাইজুল হ’ক, জেষ্ঠ অনাতাঁৰ শিল্পী হীৰেন চন্দ্ৰ কলিতা, জনস্বাস্থ্য বিভাগৰ অভিযন্তা প্ৰদীপ কলিতা, শিক্ষক দ্বিজেন ডেকা, প্ৰয়াত কবি অনুপম কুমাৰৰ সহধৰ্মিনী ইন্দিৰা বৰ্মন, লেখিকা সমাজকৰ্মী মীৰা দেৱী, সুষমা মজুমদাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অৰুনিমা বৰুৱা, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠক ৰঞ্জিত বৰ্মন, বিশিষ্ট কবি আনিজ উজ জামান, দেৱপ্ৰসাদ তালুকদাৰ, লোকশিল্পী মনোজ শৰ্মা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷
