ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীৰ ৰক্তদান

Rahul Gandhi

ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীৰ ৰক্তদান

গুৱাহাটী, ১৯ জুনঃ লোকসভাৰ বিৰোধী দলপতি, সাংসদ ৰাহুল গান্ধীৰ শুভ জন্মদিন উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰথম ৰক্তদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু দ্বিতীয়জন ৰক্তদাতা হিচাপে সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অংশগ্ৰহণ কৰে। সমগ্ৰ দেশজুৰি আজি অনাড়ম্বৰভাৱে ৰাহুল গান্ধীৰ জন্মদিন উদযাপন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত পুৱা ১০.৪৫ বজাৰ পৰা গুৱাহাটীৰ চহৰীয়া ব্লাড চেণ্টাৰৰ সহযোগত অসম মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, এনএছইউআই, অ’বিচি কোষ আৰু মিডিয়া বিভাগৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ নেতা ৰমেন শৰ্মা, মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক মনালিছা বৰুৱা হাজৰিকাকে ধৰি নেতা-কৰ্মীসকলে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে। ৰক্তদান শিবিৰৰ শেষত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ তৰফৰ পৰা চহৰীয়া ব্লাড চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মেহদী আলম বৰাই ৰক্তদানৰ যোগেদি সমাজ সেৱা কৰি কংগ্ৰেছ দীৰ্ঘদিনৰ পৰা এক পৰম্পৰা অব্যাহত ৰাখিছে বুলি কয়। সভাত সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাস, ইফতিকাৰ ইউনিছ, সম্পাদক হেপী গগৈ, জ্যেষ্ঠ মুখপাত্ৰ গণেশ বৰ্মন, ৰূপা কলিতা, বৰ্ণালী ফুকন, ছাইজুদ্দিন আহমেদ, জেহেৰুল ইছলাম, পীতাম্বৰ যোশীকে ধৰি বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে। সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কাৰ্যসূচী সফল কৰা বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media