ৰঙানদী আৰু সোৱণশিৰি নদীবান্ধ প্ৰকল্প: নামনি অঞ্চলৰ প্ৰভাৱ, সংগ্ৰাম আৰু ভৱিষ্যৎ

ronganodi

ৰঙানদী আৰু সোৱণশিৰি নদীবান্ধ প্ৰকল্প: নামনি অঞ্চলৰ প্ৰভাৱ, সংগ্ৰাম আৰু ভৱিষ্যৎ

ৰঙানদী আৰু সোৱণশিৰি, এই প্ৰকল্প দুটা, এখিনি মানুহৰ বাবে উন্নয়নৰ কাঠামু আৰু এখিনিৰ বাবে বেদনাৰ স্তম্ভ। এই দুখিনি মানুহৰ চেতন আৰু অৱচেতন পক্ষপাতৰ দোলনাত আজি অঞ্চলটোৰ জৈৱ-বৈচিত্ৰতা মুচকচ গৈছে।অৰুণাচলৰ সীমাৰ ভিতৰত থকা বান্ধ দুয়োটাৰ- ৰঙানদী বান্ধটো ইতিমধ্যে কাৰ্যক্ষম। নামনি সোৱণশিৰি প্ৰকল্পটো কেইটিমান দিনৰ ভিতৰতে কাৰ্যক্ষম হব। সোৱণশিৰি প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ লগে লগে এক দীঘলীয়া সংগ্ৰামৰো অন্ত পৰাৰ দিশত। পিছে ৰঙানদীৰ দৰে কাৰ্যক্ষম হোৱাৰ পিছত, সোৱণশিৰি বান্ধটোৱে নামনিবাসীৰ উপৰত উপদ্ৰৱ আৰম্ভ কৰিলে, সোৱণশিৰিৰ নামনিত পুনঃসংগ্ৰাম হোৱাটো নিশ্চিত, ৰঙানদীৰ দৰে এৰি দিয়া ভকত সোৱণশিৰিৰ নামনিবাসী নহয়। 

সোৱণশিৰি আন্দোলনৰ লাভ আৰু হানি

সোৱণশিৰিৰ আন্দোলনৰ ফলত অসমীয়া ৰাইজে কি পালে-নাপালে বা কি হেৰুৱালে সেইয়া এক পৃথক কথা। কিন্তু এই সংগ্ৰামে নদীবান্ধৰ দ্বাৰা নামনিত সৃষ্টি হব পৰা সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু পৰিবেশগত প্ৰভাৱৰ এক নতুন চেতনাৰ সূচনা কৰে। লগতে অসম, উত্তৰ পূৰ্বাঞ্চলৰ সীমা অতিক্ৰমি সমগ্ৰ ভাৰততে নদীবান্ধৰ দ্বাৰা নামনিত হোৱা প্ৰভাৱৰ এক নতুন সৃষ্টিকোন ডাঙি ধৰিবলৈ সক্ষম হল। 

আন্দোলনটোৰ ফলতেই নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা নামনিবাসীৰ উপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কীয় এক অধ্যয়ণ সমিতি গঠন কৰা হয়।অধ্যয়ণ সমিতিয়ে বান্ধটো সম্পৰ্কত বহু ন কথা উন্মোচন কৰাৰ লগতে কৌশলগত পৰিবৰ্তনৰ আৱশ্যকতাও উত্থাপন কৰে।ইয়াৰ ফলতেই কাৰীকৰীভাৱে দুৰ্বল বিবেচিত বান্ধটোৱে কিছু সবল ৰুপ লয়। কিন্তু, নামনিৰ ৰাইজে আশা কৰা দৰে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ এক বিস্তৃত আৰু দায়িত্বশীল মূল্যায়ন এই অধ্যয়ণে দিব নোৱাৰিলে। সেইকাৰণে এই প্ৰতিবেদনখনক এক সম্পূৰ্ণ প্ৰতিবেদন বুলিব নোৱাৰি।ই এক আধাৰুৱা প্ৰতিবেদন, যত নামনিবাসীৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক প্ৰভাৱৰ মূল্যায়ন সম্পূৰ্ণ ৰুপত প্ৰতিফলিত নহল। লাভ-লোকচানৰ ছবিখন প্ৰতিফলিত নহল। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে, যিবোৰ আলোচনাৰ মাজলৈ নাহিল। 

ৰঙানদীৰ অভিজ্ঞতা: উন্নয়নৰ আশাৰে আৰম্ভ, বিপৰ্যয়ত সমাপ্ত

২০০৪ চনত ৰঙানদীত নিৰ্মিত জলবিদ্যুৎ প্ৰকল্পটোৱে অসমত উন্নয়নৰ এক আশাৰ বতৰা দিছিল। তড়িত উন্নয়ৰ আশাত সকলোৱে ফুৰ্তি পাইছিল। কিন্তু কেৱল ২০ বছৰৰ ভিতৰত—২০০৮, ২০১৭ আৰু ২০২৫—এই তিনিটা বানপানীয়ে সেই আশাত চেচাঁপানী ঢালিলে। ২০২৫ চনৰ ৩১ মে’ৰ দিনা (বান্ধটোৰ পানী নিৰ্গমনৰ ধাৰ ২৯ মে’ৰ ৫০ মি.মি.ৰ পৰা ৩০ মে’ত ১২৫০ মি.মিলৈ বাঢ়ি যায়।) নেপকৰ বান্ধৰ সুৰক্ষাৰ বাবে এৰি দিয়া পানীয়ে নামনি অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে। কেইবাটাও স্থানত মথাউৰি ছিগে। এই ধৰণৰ বান আৰু ক্ষতিৰ পুনৰাবৃত্তি (প্ৰতি ৭-১০ বছৰৰ অন্তৰালত)হৈ থকাটো এক গভীৰ চিন্তাৰ বিষয়। সেই একে আমতলাটে মথাউৰি ছিগে আৰু, আমি কথাবোৰ জানিও প্ৰতিৰোধী ব্যৱস্থা লব পৰা নাই।

সোৱণশিৰি প্ৰকল্পৰ আশংকা: ৰঙানদীৰ দৰে বিপৰ্যয়ৰ পুনৰাবৃত্তি?

সোৱণশিৰি নদীত চলি থকা বৃহৎ জলবিদ্যুৎ প্ৰকল্পটিৰ উচ্চতা আৰু উৎপাদনক্ষমতা ৰঙানদীতকৈ বহুগুণ বেছি। সেয়েহে, সোৱণশিৰি যদি পূৰ্ণ ক্ষমতাত কাৰ্যক্ষম হয়, তেন্তে নামনি অঞ্চলত হোৱা সম্ভাৱ্য ক্ষতি ৰঙানদীৰ বিপৰ্যয়সমূহৰ তুলনাত বেছি হব। বান্ধটোৰ ক্ষেত্ৰত বহু কাৰিকৰী সতর্কতা গ্ৰহণ কৰা বুলি বান্ধ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হয় যদিও, নিৰ্মাণকালতে নামনিত পৰা প্ৰভাৱবোৰলৈ লক্ষ্য কৰিলে বান্ধটো পূৰ্ণ পৰ্যায়ত কাৰ্যক্ষম হলে কিধৰণৰ প্ৰভাৱ পৰিব সি সহজেই অনুমেয়। ধৰক, যোৱা ২৭ অক্টোবৰ ২০২৪ তাৰিখে, নদীখন শুকাই যোৱা বিষয়বোটো  লুকাই গল, বা লুকুৱাই ৰখা হল। সেইবাবেই কওঁ যে, নামনি অঞ্চলৰ জন-জীৱনৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ সম্পূৰ্ণ মূল্যায়ণেই নহ’ল। অৱশ্যে আৰম্ভনিৰ কেইটামান বছৰ বৰ বেছি দেখা প্ৰভাৱ নাথাকিব, বা দেখা পোৱা নাযাব। কিন্তু ৰঙানদীত বান্ধটো ৬৮ মিটাৰ ওখ, ৪০৫ মেগাৱাট ক্ষমতাৰ। গতিকে, ১১৬ মিটাৰ ওখ, ২০০০ মেগাৱাট ক্ষমতাৰ সোৱণশিৰি বান্ধে কি পৰিমানৰ প্ৰভাৱ পেলাৱ, সেই কথা মনত ৰাখিব লাগিব।

আন্দোলন, প্ৰতিবেদন আৰু পৰামৰ্শ

২০১৮ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) ধাৰাবাহিক আন্দোলনৰ পৰিপ্ৰেক্ষিতত, সেই সময়ৰ মুখ্যমন্ত্ৰীৰ আগ্ৰহ আৰু মুখ্য সচিবৰ মধ্যস্থতাত, অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA), IIT-গুৱাহাটীক ৰঙানদীৰ বানপানীৰ সমস্যাৰ সমাধানৰ বাবে এক প্ৰতিবেদন প্ৰস্তুতিৰ দায়িত্ব দিয়ে। "Flood of North Lakhimpur vis-a-vis Ranganadi Hydropower Project " নামৰ এই প্ৰতিবেদনৰ কিছু পৰামৰ্শ কাৰ্যকৰী কৰা হয়। ইয়াৰ ফলতে ২০২৫ৰ বানৰ প্ৰভাৱ কিছু হ্ৰাস পায় বুলি কব পাৰি। কিন্তু, আৰু বহুত কৰিবলগীয়া আছে। সেইখিনি কৰিব লাগে।

বৰ্তমান কি কৰিব পাৰিঃ

  • বিশ্লেষণমূলক অধ্যয়ন: ৰঙানদীৰ নামনি অঞ্চলৰ লাভ-লোকচানৰ এক গভীৰ আৰু বৈজ্ঞানিক মূল্যায়নৰ প্ৰয়োজন। ৰঙানদীৰ লগতে সোৱণশিৰিৰ নামনি অঞ্চলত বান্ধৰ পৰা ইতিমধ্যে হোৱা আৰু ভৱিষ্যতে হব পৰা সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন হোৱাটো উচিত।
  • স্বাধীন সংস্থা: যিহেতু নামনি সোৱণশিৰি প্ৰকল্পটো কমিচন কৰাৰ বাবে কৰ্তৃপক্ষ নাচুৰবান্ধ। গতিকে, যাতে প্ৰাৰম্ভতে হব পৰা দুৰ্যোগৰ পৰা কিছু পৰিমাণে হলেও নামনিবাসী হাত হাৰিব পৰা যায় তাৰবোবে, সোৱনশিৰি প্ৰকল্প সংক্ৰাতত তিনি সদস্য সমিতিৰ প্ৰতিবেদনত উল্লিখিত, Subansiri Independent Integrated Reservoir Management Authority গঠন কৰিব লাগে। যি অন্তত কিছু পৰিমাণে পানী নিৰ্গমন, ধাৰণ আদিৰ এক দায়িত্বপূৰ্ণ ব্যৱস্থাপনা নিশ্চিত কৰিব পাৰিব। 
  • সচেতনতা আৰু একতা: ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীয়ে দল-মত-ধৰ্ম-নির্বিশেষে একত্ৰিত হৈ এই সমস্যাৰ দীঘলীয়া সমাধান বিচাৰিবলৈ আগবাঢ়িব অহাৰ লগতে বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত সচেতনতা বৃদ্ধি আৰু সম্পূৰ্ণভাৱে জনসাধাৰণক সামৰি লোৱা নীতি গ্ৰহণ কৰিবই লাগিব।
  • জীৱবৈচিত্ৰ্য আৰু পৰিৱেশ: নদীক কেৱল মানৱ সমাজৰ বাবে উপভোগ্য বস্তু নাভাৱি জীৱজগতৰ এক অমুল্য অংশ হিচাপে বিবেচনা কৰিব লাগিব।

নদী কেৱল পানীৰ উৎস নহয়, নদী হল এক জীৱন্ত জৈৱ-বৈচিত্ৰৰ ভৰাঁল আৰু আমাৰ জীৱন-সংস্কৃতিৰ ভেটি। উন্নয়নৰ নামত নদীবান্ধ নিৰ্মাণৰ দীৰ্ঘম্যাদী প্ৰভাৱ (বিশেষকৈ নামনিৰ অঞ্চলত), সামাজিক বৈষম্য আৰু জীৱবৈচিত্ৰ্যৰ বিলুপ্তি কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। দেশবাসীয়ে ক্ষোভ, ৰাজনীতিৰ ঊৰ্ধ্বত, বৈজ্ঞানিক বিশ্লেষণ, গৱেষণালব্ধ প্ৰমাণ আৰু জনসচেতনতাৰ ভিত্তিত নদীৰ সুৰক্ষা আৰু বহক্ষম উন্নয়নৰ বাবে সু-দূৰদৰ্শী নীতি প্ৰণয়ন কৰাটো বৰ্তমান সময়ত অতি জৰুৰী।অসমবাসীয়েও জাতি-মতাদৰ্শৰ বিভেদ পাহৰি যুক্তিৰ মঞ্চত একগোট হৈ প্ৰকৃতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধ হৈ অপূৰণীয় ক্ষতিৰ আগতেই সময়োপযোগী সিদ্ধান্ত ল'ব লাগে। 

#নামনিৰসংগ্ৰাম, #সোৱণশিৰিৰবিপদ, #ৰঙানদীৰপাঠ, #নদীৰঅধিকাৰ 

#অসমৰবিপৰ্যয়, #উন্নয়নৰনামেধ্বংস, #অসমবাসীৰসংগ্ৰাম, #নদী_নহয়_বান্ধৰ_বলিচক, #নদীক_বচাওঁক, #জীৱবৈচিত্ৰ্য_ৰক্ষা_কৰা

#SubansiriDam,#RanganadiDam, #AssamFloods, #HydropowerImpact, #EnvironmentalJustice, #SaveSubansiri, #NorthLakhimpur, #AssamDisaster, #AntiDamMovement, #SustainableDevelopment, #AssamEnvironment, #EcologicalDamage, #StopSubansiriDam, #VoiceOfAssam, #PeopleVsDam, #RiverRights,#DamDisaster, #ProtectRivers,#AssamStruggles 

#DevelopmentWithJustice

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media