চেনেহ বৃদ্ধাবাসত জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতামূলক সভা

old man abuse

চেনেহ বৃদ্ধাবাসত জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতামূলক সভা

গুৱাহাটী, ১৮ জুনঃ সমগ্ৰ বিশ্বতে জ্যেষ্ঠজন বা বৃদ্ধ লোকৰ ওপৰত চলা উৎপীড়ন, নিৰ্যাতন আদিৰ দৰে ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে ১৬ জুনৰ দিনটোত বিশ্ববাসীয়ে জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতা দিৱস উদযাপন কৰি আহিছে। উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি কাহিলিপাৰাস্থিত চেনেহ বৃদ্ধাবাসত আৰু ১৫ জুনত গুৱাহাটীৰ মঠঘৰীয়াস্থিত মনালিছা ছ’চাইটিৰ মাতৃ নিবাসত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব লীনা দলেৰ তত্ত্বাৱধানত আৰু স্বেচ্ছাসেৱী সংগঠন নিলয়ৰ সহযোগত। আৱাসীসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ আঁত ধৰি স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক ভুৱনেশ্বৰ দাসে দিৱসটোৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। সভাত সভাপতি ড০ ৰাজেন্দ্ৰ নাথ খাউণ্ডে কয়, জ্যেষ্ঠজনক উৎপীড়ন, অৱহেলা, নিৰ্যাতন আৰু শোষণৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে আৰু ন্যায়ৰ নীতিৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। উৎপীড়নত প্ৰভাৱিত লোকসকলক এই গুৰুতৰ সমস্যাটোৰ প্ৰতিবেদন দিবলৈ উৎসাহিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ সময়। সংকটৰ সময়ত বৃদ্ধ ব্যক্তিসকলক সুৰক্ষা আৰু সমৰ্থন কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি বক্তব্য প্ৰদান কৰে ড০ খাউণ্ডে। তদুপৰি সভাত বক্তব্য প্ৰদান কৰি অনুষ্ঠানটোৰ গুৰুত্ব বৃদ্ধি কৰে ভৱদা দেৱী মেম'ৰিয়েল ট্ৰাষ্ট আৰু চেনেহৰ প্ৰতিষ্ঠাপক সভাপতি অতুল চন্দ্ৰ বৰুৱা, পৰিচালক নিৰ্ভয় ৰাভা, বিভূতি গগৈ আৰু হিৰণ্য বৰাই। ইপিনে মনালিছা ছ'চাইটিৰ মাতৃ নিবাসটোৰ তত্ত্বাৱধায়ক দৰ্শনা শইকীয়াই আৱাসীসকলৰ মনোবল অটুট ৰাখি জীয়াই থকাৰ প্ৰেৰণা দিয়াৰ বাবে নিলয়ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনায়। অনুষ্ঠানৰ শেষত সদস্য শ্যাম বাহাদুৰ লামা আৰু অভিজিৎ বৰাৰ সহযোগত লক্ষ্যধৰ ডেকা, বিতুমণি গোস্বামী আৰু আৱাসীসকলে গীত পৰিৱেশন কৰি আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media