গুৱাহাটী, ১৮ জুনঃ পষেকীয়া বাৰ্তালোচনী '"মাটিৰ মানুহ"ৰ দ্বিতীয় খোজৰ প্ৰস্তাৱনা সংখ্যা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। প্ৰয়াত নিবাৰণ বৰা ( উপদেষ্টা), প্ৰয়াত ননীকান্ত বৈশ্য (প্ৰতিষ্ঠাপক সঞ্চালক) আৰু প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য (উপদেষ্টা)ৰ উদ্যোগত এই পষেকীয়া বাৰ্তালোচনীখন ১৯৯২ চনৰ ১৪ এপ্ৰিলত প্ৰকাশ পাইছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০০৮ ৰ পৰা কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। কিন্তু বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত পষেকীয়া বাৰ্তালোচনীখন পুনৰ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট কৃষক হৰি কাকতিয়ে। জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই সভাপতিত্ব কৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে "মাটিৰ মানুহ"ৰ শীৰ্ষক গীতৰ ৰচক তথা গণ শিল্পী মহেন্দ্ৰ হাজৰিকা, সংগ্ৰামী নেতা সোণমণি দত্ত, সমাজকৰ্মী আৰু পদ্মশ্ৰী প্ৰাপক অজয় কুমাৰ দত্ত, সমাজকৰ্মী প্ৰণৱজ্যোতি দত্ত, মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰহমান, জাতী়তাবাদী নেতা চৰণ ডেকা, প্ৰসিদ্ধ খেতিয়ক দেবেন কলিতা, প্ৰকৃতিবিদ ভুৱনেশ্বৰ শৰ্মা, লেখক শংকৰ শইকীয়া, সমাজকৰ্মী মিনতি শৰ্মা। অনুষ্ঠানত মাটিৰ মানুহ"ৰ শীৰ্ষক গীতটো উন্মোচন কৰে মানস শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে 'মাটিৰ মানুহ"ৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই উদ্দেশ্য ব্যাখ্যা আগবঢ়াই কয় যে এই কাকতখনৰ উদ্দেশ্য আমাৰ বজাৰ আৰু পথাৰ নিজৰ দখলত ৰখা। জন্মলগ্নৰ পৰাই এই কাকতখনৰ এই উদ্দেশ্য বুলি উল্লেখ কৰি কয় যে ৰাজ্যৰ ৮৫ শতাংশ লোকেই কৃষক। সেয়ে এই কৃষকসকলৰ ওচৰলৈ এই কাকতখন লৈ যোৱাটো আমাৰ মূল উদ্দেশ্য। আজি কৃষকসকলে হাইব্ৰিড বীজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পাইছে কিন্তু মানুহ ৰুগীয়া হৈ পৰিছে। হাইব্ৰিড বীজে আমাৰ সমাজখন ৰুগীয়া কৰি তুলিছে। এই সমাজখন আজিয়ে পৰিবৰ্তন সাধন কৰিব নোৱাৰি কিন্তু পদক্ষেপ ল’ব পাৰি। আনহাতে, সভাপতি চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে কৃষিজীৱী লোকৰ বাবে এই কাকতখন প্ৰকাশ কৰা হৈছে। বৰ্তমান সময়ত ছপা মাধ্যমলৈ আহি পৰা সংকটৰ মাজতো "মাটিৰ মানুহ" পুনৰ প্ৰকাশ কৰিবলৈ ওলোৱা কাৰ্য প্ৰশংসনীয়। আনহাতে, গণশিল্পী মহেন্দ্ৰ হাজৰিকাই ভাষণ প্ৰদান কৰি কয় যে মাটি আৰু মৰম আজন্ম। কাকতখনৰ নামটোৱে শুৱলা। ইয়াৰ সৈতে মই জড়িত হ'বলৈ পাই মই সুখী হৈছোঁ। যিহেতু মই কৃষকৰ সন্তান। 'মাটিৰ মানুহ’ গীতটো ৰাইজলৈ আগবঢ়াই দিছোঁ, নিশ্চয় ৰাইজে আদৰি ল’ব। যিহেতু মই মাটিৰ সৈতে সম্পৃক্ত থকা গীত ৰচো, এইটোও তেনে এটা গীত। এনে এটা গীত ৰচিবলৈ মই দীৰ্ঘ সময় ভাবি আছিলোঁ। আনহাতে, অজয় কুমাৰ দত্তই কয় যে "মাটিৰ মানুহ"-এ দ্বিতীয় খোজত ভৰি দিলে। "মাটিৰ মানুহ"ক পুনৰ প্ৰকাশ কৰিবলৈ সাজু হোৱাৰ বাবে ইয়াৰ সৈতে জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। ১৯৯২ চনৰ ১৪ এপ্ৰিলত নিবাৰণ বৰাৰ উপস্থিতিত কাকতখনৰ জন্ম দিয়া হৈছিল। কিন্তু মাজতে ইয়াৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। এতিয়া পুনৰ প্ৰকাশ কৰিবলৈ সাজু হৈছে। তেওঁ লগতে কয় যে এতিয়া মাটি আমাৰ হাতত নাই। যুগ যুগ ধৰি খেতি কৰা পথাৰ আৰু মাছ উৎপাদন কৰা পুখুৰী আমাৰ হাতৰ পৰা নোহোৱা হৈছে। এনেদৰে যদি আমি আগবাঢ়ো আমাৰ ভৱিষ্যৎ সংকটত। ইয়াৰ লগতে চৰকাৰে সৃষ্টি কৰা হিতাধিকাৰীয়ে আমাৰ এটা প্ৰজন্মক কৰ্মহীন কৰি তুলিব। একেদৰে, প্ৰণৱজ্যোতি দত্তই কয় যে ৰাজ্যৰ হিতাধিকাৰী আঁচনিকেন্দ্ৰিক ব্যৱস্থাটো দুৰ্ভাগ্যজনক। শিক্ষা আৰু স্বাস্থ্যৰ বাদে অন্যত হিতাধিকাৰী আঁচনিৰ প্ৰয়োজন নাই। আজি পুনৰ প্ৰকাশ পোৱা কাকতখন সকলোকে পঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। তেওঁ কয় আমাৰ এটা স্বভাৱ যে আমি নিজৰটো দলিয়াই আনৰটো আদৰাৰ প্ৰবণতা আছে। তাক পৰিহাৰ কৰিব লাগে। আনহাতে, সোণমণি দত্তই কয় যে আমি নিজৰ শৰীৰটো মন্দিৰৰ দৰে পূজা কৰিব লাগে। আমি সদায় খাদ্যৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে। কিয়নো খাদ্যৰ অভাৱতে আমি বিভিন্ন ৰোগত আক্ৰান্ত হৈছোঁ। খাদ্যৰ ফলতে আমাৰ এটা প্ৰজন্ম ৰুগীয়া হৈ পৰিছে। কাকতখন সন্দৰ্ভত কয় যে এই কাকতখনৰ ভৱিষ্যৎ উজ্জ্বল হ'ব। ৰাইজে আদৰি ল'ব।
