গুৱাহাটী, ১৮ জুনঃ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী (পি চি পি এচ) গার্লছ পলিটেকনিকৰ ছাত্ৰীসকলক ব্যক্তিগত খণ্ডত নিয়োগৰ সুবিধা তথা উদ্যোগ খণ্ডত প্রত্যক্ষ নিয়োগৰ প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে নিয়োগ মেলাৰ আয়োজন কৰা হয়। গাৰ্লছ পলিটেকনিকৰ চৌহদত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা এই নিয়োগ মেলা উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ নজৰুল হকে।
এই মেলাৰ আৰম্ভণিতে ইয়াত অংশগ্ৰহণ কৰা বিভিন্ন কোম্পানীৰ বিষয়াসকলক প্ৰতিষ্ঠানৰ ফালৰ পৰা সম্ভাষণ জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে প্ৰতিষ্ঠানখনৰ ট্রেইনিং আৰু প্লেচমেণ্ট কোষৰ সমন্বয়ক তথা চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা অনসূয়া গোস্বামীয়ে। এই নিয়োগ মেলাত জিঅ’ ইনফোক'ম, ডাটামেচন, ৰহমান হাস্পতাল প্রাইভেট, বৈশ্য এণ্ড এছোচিয়েট, ডাই-টেক ইঞ্জিনিয়াৰিং, হোম ডিজাইন, স্পাইৰেণ্ট ইণ্ডিয়া, চিভিক ইনফ্রাটেক, ৰেলিয়েন্ট ফাউণ্ডেচন আদিকে ধৰি ১৬ টা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠানখনিৰ চিভিল ইঞ্জিনিয়াৰিং, আর্কিটেকচাৰ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু মডার্ন অফিচ মেনেজমেন্ট বিভাগৰ প্ৰায় শতাধিক ছাত্রীয়ে অজিৰ নিয়োগ মেলাৰ সাক্ষাৎকাৰত উপস্থিত থাকে আৰু ইয়াৰে ৭৯ গৰাকী ছাত্রীয়ে এটা বা ততোধিক কোম্পানীত প্রাথমিক পৰ্যায়ৰ বাছনিত অন্তর্ভুক্ত হয় আৰু পৰৱৰ্তী পৰ্যায়ত চূড়ান্ত বাছনি অনুষ্ঠিত হ'ব। নিয়োগ মেলাত উপস্থিত থকা কোম্পানী আৰু ছাত্রীসকলে গার্লছ পলিটেকনিকৰ এই প্রচেষ্টাক প্রশংসা কৰে আৰু ভৱিষ্যতে এনে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷