চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা

jyoti prasad

চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা

গুৱাহাটী, ১৮ জুনঃ গুৱাহাটীৰ চচল শতদল শাখা সাহিত্য সভাই বিষ্ণুপ্রসাদ ৰাভা দিৱস উপলক্ষে দেওবাৰে দুটা শাখাত স্কুলীয় ছাত্ৰ-ছাত্ৰীৰ মাজত শাখাৰ কাৰ্যালয় "ৰবীন্দ্ৰনাথ দাস সভা গৃহ'ৰ "ড০ মামণি ৰয়ছম গোস্বামী মঞ্চ'ত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰে। গুৱাহাটী মহানগৰৰ লগতে আশেপাশে থকা কেইবাখনো বিদ্যালয়ৰ প্ৰায় ৩০ জন ছাত্র-ছাত্রীয়ে এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰে। 'ক'-শাখাত (সপ্তম শ্রেণীলৈ) কেন্দ্রীয় বিদ্যালয়, খানাপাৰাৰ ছাত্ৰী মৃগাংক্ষী কলিতাই প্রথম স্থান আৰু ছাত্র, জ্যোতির্ময় নাথে, ২য় স্থান, শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্র প্রজ্ঞানজ্যোতি দাসে তৃতীয় স্থান লাভ কৰে। শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্র ভার্গৱজ্যোতি কাশ্যপক বিচাৰকৰ উদগনিমূলক বঁটা দিয়া হয়। 'খ' শাখাত (অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) অসম হলি এঞ্জেল প্রি ইংলিছ স্কুলৰ ছাত্ৰী নিহাৰিকা দাসে প্ৰথমম স্থান, জৱাহৰ নৱোদয় বিদ্যালয়, গোৱালপাৰাৰ ছাত্ৰী উদ্দীপনা নাথে ২য় স্থান আৰু শংকৰদেৱ বিদ্যানিকেতন, হেঙেৰাবাৰী, গুৱাহাটীৰ ছাত্ৰ ভৱেশ থাকলে ৩য় স্থান লাভ কৰে।প্রতিযোগিতাৰ আৰম্ভণিতে চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি ড০ মিনেশ্বৰ হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্জলন কৰি প্ৰতিযোগিতা মুকলি কৰে শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক গিৰীশ শৰ্মাৰ তত্ত্বাৱধানত প্ৰতিযোগিতাখন সুন্দৰকৈ অনুষ্ঠিত হৈ যায়। ২০ জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিৱসৰ দিনা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত এই বঁটাসমুহ প্ৰদান কৰা হ’ব লগতে সকলো প্রতিযোগীকে একোখনকৈ অংশগ্ৰহণৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ'ব বুলি শাখাৰ সম্পাদক  নিকুঞ্জ কুমাৰ দাসে জানিবলৈ দিয়ে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com

Social Media